গড়পোটৰ বিশিষ্ট সমাজসেবিকা শিক্ষাবিদ তথা ধৰ্মপৰায়ণা মহিলা নিৰদা ডেকাৰ মৃত্যু
পশ্চিম বড়িগোগ মৌজাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়পোট গাওঁৰ নিবাসী প্ৰয়াত কেশৱ ডেকাৰ সহধৰ্মিনী
বিশিষ্ট সমাজসেবিকা শিক্ষাবিদ, ধৰ্মপৰায়ণা মহিলা নিৰদা ডেকাৰ যোৱাকালি সন্ধিয়া নিজগৃহত ৭-৩০ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৪ বছৰ। সকলোৰে প্ৰিয়ভাজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গড়পোট গাওঁৰ লগতে পশ্চিম বড়িগোগ অঞ্চলত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।
আজি বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে পশ্চিম বড়িগোগ অঞ্চলৰ ৰাইজে নিৰদা ডেকাৰ গৃহত উপস্থিত হৈ ধৰ্মপৰায়ণা মহিলা গৰাকীৰ নৰেশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখনীয় যে পশ্চিম বড়িগোগ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট সমাজসেবিকা শিক্ষাবিদ, ধৰ্মপৰায়ণা মহিলা নিৰদা ডেকাৰ নৰেশ্বৰ দেহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ শোভাযাত্ৰা কৰি গুণমুগ্ধ সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা পৰিলক্ষিত হয়। জীবিত কালত নিৰদা ডেকাই বৰঘুলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষয়িত্ৰী হিচাবে কৰ্মজীৱন আৰম্ভ কৰি পৰবৰ্তী সময়ত সদৈকুছি প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০১৯ চনত অৱসৰ গ্ৰহণ কৰে। আনহাতে গাওঁৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে পশ্চিম বড়িগোগ আঞ্চলিক কণিষ্ঠ মহাবিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে জড়িত হৈ আছিল। তেওঁৰ মৃত্যুত বিজেপিৰ উত্তৰ হাজো মণ্ডল সমিতি, পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা আৰু দক্ষিণ ৰঙিয়া আঞ্চলিক সমিতি,গড়পোট জগদ্ধাত্ৰী পূজা পৰিচালনা সমিতি,দৌলযাত্ৰা উদযাপন সমিতি, গাওঁ উন্নয়ন সমিতি,জয়হিন্দ যুৱক সংঘ,গড়পোট বাপুজী হাইস্কুল,বৰঘুলী প্ৰাথমিক বিদ্যালয়ৰ,সদৈকুছি প্ৰাথমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ বিভিন্ন দল সংগঠনে শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ, তিনিজনী বিবাহিতা জীয়াৰী আৰু আত্মীয়স্বজনৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
Comments
Post a Comment