বাহাৰঘাট আছুৰ বিহুৱান প্ৰদান আৰু সম্বৰ্ধনা পত্ৰৰে বিহুৰ অভিনন্দন জ্ঞাপন।

চিকিৎসক, সংবাদিক, আৰক্ষী বিষয়া, বয়োজেষ্ঠৰ লগতে প্ৰাক্তন ছাত্ৰ নেতাক বিহুৰ শুভেচ্ছা জ্ঞাপন।

আজি গৰু বিহুৰ দিনা বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই দিনে-নিশাই ৰাইজক সেৱা আগবঢ়োৱা চিকিৎসক, সংবাদদাতা, আৰক্ষী বিষয়া, বয়োজেষ্ঠৰ লগতে প্ৰাক্তন ছাত্ৰ নেতাক বিহুৱান লগতে সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিকি শৰ্মাই জানিবলৈ দিয়ে যে- প্ৰতি বছৰৰ দৰে এই বৰ্ষ ও গৰু বিহুৰ দিনাই পুৱাই বৃহত্তৰ বাহাৰঘাট অঞ্চলত কভিদ কালীন সময়ছোৱাৰে পৰা দিনে- নিশাই ৰাইজক সেৱা আগবঢ়োৱা তিনিগৰাকী চিকিৎসক ডাঃ হিমজ্যোতি মালাকৰ, ডাঃ দেৱান মহম্মদ ইমৰুল আৰু সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ হেমেন শৰ্মাক বিহুৱান প্ৰদানেৰে শুভেচ্ছা জ্ঞাপন কৰা হয়। অসমীয়া প্ৰতিদিনৰ দণ্ডীৰাম দাস, আমাৰ খৱৰৰ হিমজ্যোতি ভূঞা, দৈনিক অসমৰ কামিনী কান্ত মিশ্ৰ, নিয়মীয়া বাৰ্তাৰ আব্দুল কাদেৰ,দৈনিক অগ্ৰদূত কাকতৰ সাংবাদিক নৰেন শৰ্মা, দৈনিক বাতৰি কাকতৰ পংকজ কুমাৰ লহকৰ, টাইম ৮ ৰ সাংবাদিক হীৰকজ্যোতি ডেকা আৰু বাৰ্তা A To Z ৰ স্বত্বাধিকাৰী গণেশ নমঃশূদ্ৰক বিহুৱান প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা পত্ৰৰে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ লগতে আছুৰ সঁজাতি দলটোৱে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা, প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ গোস্বামী, নলবাৰীৰ জিলা গ্ৰামীন বিকাশ অভিকৰণৰ প্ৰকল্প সঞ্চালক চন্দন ডেকাক ও বিহুৱান আৰু সম্বৰ্ধনা পত্ৰৰে বিহুৰ শুভেচ্ছা জনায়। বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আকাশ বৰুৱা আৰু সাধাৰণ সম্পাদক মইনুল হ'কৰ নেতৃত্বত যোৱা সঁজাতি দলটোত আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিত্তিক আলী, জেহৰুল ইছলাম, উপ-সভাপতি ছহিদুল আলী, শিক্ষা সম্পাদক জাহিৰ আলী, প্ৰচাৰ সম্পাদক বনজিৎ ঠাকুৰীয়া, কাৰ্যনিৰ্বাহক কমল কৃষ্ণ হালৈ, জিতুমণি উপস্থিত থাকে।

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

হেৰাইছে