বহাগৰ প্ৰথমদিনা লহকৰপাৰা সৰুদৌল গাওঁৰ দৌল যাত্ৰাৰ শ্যামৰায় মন্দিৰৰ আধাৰশিলা স্থাপন।

 নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত লহকৰপাৰা সৰুদৌল গাওঁৰ ঐতিহাসিক দৌল যাত্ৰাৰ মহাপ্ৰভু শ্যামৰায় মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে বহাগৰ প্ৰথম দিনটোত মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।বিশিষ্ট সাংবাদিক ভাস্কৰ শৰ্মা আৰু সাংবাদিক তথা  গাওঁ পৰিচালনা সমিতিৰ সম্পাদক পঙ্কজ কুমাৰ লহকৰে আতধৰা অনুষ্ঠানটোত গাওঁবাসী ৰাইজৰ উপস্থিতিত বিশিষ্ট সমাজসেৱক,বৈদ্যগড় পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত ভুৱনেশ্বৰ লহকৰে আধাশিলাৰ শুভ উদ্বোধন কৰাৰ লগতে বিশিষ্ট সমাজকৰ্মী উপেন কলিতা,সতীশ লহকৰে অনুষ্ঠানটো অংশগ্ৰহণ কৰি গাওঁবাসী ৰাইজক উৎফুল্লিত কৰে।উল্লেখনীয় যে অসমীয়া নতুন বছৰৰ আৰম্ভণিৰ  প্ৰথম দিনটোত গাওঁৰ পুৰুষ-মহিলাৰ উপস্থিতিত  গাওঁৰ বাৰ্ষিক হোম যজ্ঞও সম্পন্ন কৰা হয়।

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

হেৰাইছে