অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰভাগৰ উদ্যোগত বিহুৱান প্ৰদান

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু উপলক্ষে পহিলা বহাগৰ দিনা অঞ্চলটোৰ বিশিষ্ট সংবাদিক,বিশিষ্ট শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষকক একোখন গামোচা আৰু এখন শুভেচ্ছা পত্ৰৰে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিকৰ বিষয়ববীয়া সকলে বৰভাগ অঞ্চলৰ বিশিষ্ট সংবাদিক ক্ৰমে দন্দীৰাম দাস,ৰমেন তালুকদাৰ, হীমজ্যোতি ভূঞ,আব্দুল কাদেৰ আহমেদ, গনেশ নমসুদ্ৰ,অৰবিন্দ চক্ৰৱৰ্তী,পংকজ কুমাৰ কলিতা,নৰেন শৰ্মাৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সাংবাদিক পংকজ কুমাৰ
লহকৰক লহকৰপাৰা সৰুদৌল নামঘৰ প্ৰাঙ্গণত এখন গামোচা আৰু এখনি শুভেচ্ছা পত্ৰৰে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ।আনহাতে বিশিষ্ট চিত্ৰ শিল্পী ৰাজীৱ আহমেদ,ঢোল বাদক মুকুল চক্ৰৱৰ্তী,প্ৰাক্তন অধ্যক্ষ শশীন শৰ্মাক এখন গামোচা আৰু এখন শুভেচ্ছা পত্ৰৰে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

হেৰাইছে