নালন্দা পাব্লিক স্কুল বাহাৰঘাটৰ সৌজন্যত আয়ুৰ্বেদিক চিকিৎসা সংস্থা অসমৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্যপৰীক্ষা শিবিৰ্

বাহাৰঘাট:৭ আগষ্ট:- নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত  লহকৰপাৰা জনশিক্ষা পুথিভড়ালত  নালন্দা পাব্লিক স্কুল বাহাৰঘাটৰ সৌজন্যত আয়ুৰ্বেদিক চিকিৎসা সংস্থা অসমৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়।আয়ুৰ্বেদিক চিকিৎসা সংস্থা অসমৰ অভিজ্ঞ চিকিৎসক ডা°চক্ৰেশ্বৰ হালৈ, ডা°হেমেন শৰ্মা,ডা°অনিমেষ শৰ্মা, ,ডা°বন্দনা শৰ্মা,,ডা°দিপালী দাস,,ডা°দিলীপ ডেকাই চিকিৎসা প্ৰদান কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰে নলবাৰী নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ তথা নালন্দা পাব্লিক স্কুল বাহাৰঘাটৰ মুখ্য উপদেষ্টা ‌সন্মানীয়  জিতেন্দ্ৰ কুমাৰ জৈনে।তাৰপিছতে বিশিষ্ট অতিথি সকলৰ লগতে উপস্থিত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক নালন্দা পাব্লিক স্কুল বাহাৰঘাটৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।নালন্দা পাব্লিক স্কুল বাহাৰঘাটৰ সঞ্চালক প্ৰধান ভবেশ চন্দ্ৰ লহকৰ আৰু মণ্টু লহকৰৰ তত্বাৱধানত বানপীড়িত অঞ্চলটোৰ ৰাইজক চিকিৎসাৰ ক্ষেত্ৰত সকাহ দিয়াৰ লক্ষ্যৰে অনুষ্ঠিত কৰা আজিৰ এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত  প্ৰায় তিনি শতাধিক লোকৰ স্বাস্হ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতি প্ৰদান কৰা পৰিলক্ষিত হয়।

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

হেৰাইছে