নালন্দা পাব্লিক স্কুল বাহাৰঘাটত ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত।

বাহাৰঘাট:১৩ আগষ্ট:-নলবাৰী জিলাৰ নালন্দা পাব্লিক স্কুল বাহাৰঘাটত ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰা হয়। আগন্তুক ৭৫ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখিআজি স্কুলখনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ কনক শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰী সকলক ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ তিৰংগা সন্দৰ্ভত সজাগতা মুলক ভাষণ প্ৰদান কৰি সজাগতা সৃষ্টি কৰে আৰু লগতে প্ৰতিযোগিতা সমুহত প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কৃত কৰাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম নহল তেওঁলোক যাতে নিৰাশ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সেইসকল ছাত্ৰ ছাত্ৰীকো নিচুকণি বটা আগবঢ়ায় উৎসাহিত কৰা পৰিলক্ষিত হয়।

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

হেৰাইছে