বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক মোহন শইকীয়াৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শেষ শ্ৰদ্ধা জ্ঞাপন
বাহাৰঘাট ২০ আগষ্ট:-পশ্চিম বড়িগোগ মৌজাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত পুৰ্ণখুম গাওঁৰ নিবাসী বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত সহশিক্ষক মোহন শইকীয়াৰ যোৱাকালি শুক্ৰবাৰে দুপৰীয়া ১ বজাত নিজগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।পশ্চিম বড়িগোগ লহকৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক হিচাবে কৰ্মজীৱন আৰম্ভ কৰি উক্ত বিদ্যালয়ৰ পৰা ১৯৯৫ চনত অৱসৰ গ্ৰহণ কৰিছিল।জীবিত কালত তেখেতে পশ্চিম বড়িগোগ অঞ্চলৰ লগতে বাহাৰঘাট অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে নিজা প্ৰচেষ্টাৰে পুৰ্ণখুমডুম সৰ্ব্বজনীন শ্ৰীশ্ৰী লক্ষী মন্দিৰ স্থাপন কৰাৰ লগতে অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিচতে বিভিন্ন দলসংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে গুণমুগ্ধ সকলে প্ৰয়াত মোহন শইকীয়াৰ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।তেখেতৰ মৃত্যুত পুৰ্ণখুমডুম গাওঁ পৰিচালনা ও উন্নয়ন সমিতি,লক্ষী মন্দিৰ পৰিচালনা সমিতি,লহকৰপাৰা জনশিক্ষা পুথিভঁৰাল,লহকৰপাৰা সৰুদৌল আৰু বৰদৌল গাওঁ পৰিচালনা সমিতি, বৰপুল্লা বাৰোৱাৰী দুৰ্গাপুজা পৰিচালনা সমিতি,লহকৰপাৰা হাইস্কুলৰ লগতে পাত্ৰ পুখুৰীপাৰ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলৰ লগতে বিভিন্ন দলসংগঠনে বিদেশী আত্মাৰ সদগতি কামনা কৰি শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।সন্ধিয়া অগনন গুণমুগ্ধৰ উপস্হিতিত শইকীয়াৰ শেষ কৃত সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেখেতে পত্নীসহ চাৰিজন পুত্ৰ, চাৰিগৰাকী বোৱাৰী,এজনী বিবাহিতা জীয়াৰী,নাতি নাতিনী আৰু আত্মীয়স্বজনৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
Comments
Post a Comment