সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ পশ্চিম বড়িগোগ আঞ্চলিক সমিতিৰ চতুৰ্থ বাৰ্ষিক সন্মিলন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত




বাহাৰঘাট:২১ আগষ্ট:-পশ্চিম বড়িগোগ মৌজাৰ হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটীস্হিত পশ্চিম বড়িগোগ দৌল পুখুৰীপাৰ হাইস্কুলত দিনযোৰা কাৰ্যসূচীৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ পশ্চিম বড়িগোগ আঞ্চলিক সমিতিৰ চতুৰ্থ বাৰ্ষিক সন্মিলন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলন কৰে পশ্চিম বড়িগোগ আঞ্চলিক নিৰ্মাণ শ্ৰমিক সমিতিৰ সভাপতি বসন্ত কলিতাৰ লগতে শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে কামৰূপ জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ সহঃ সম্পাদকৰ জাকিৰ হুছেইনে।চতুৰ্থ বাৰ্ষিক সন্মিলনৰ লগত সংগতি ৰাখি দুপৰীয়া বসন্ত কলিতা আৰু ওবাহেদৰ ৰহমান সভামণ্ডলীৰ সঞ্চালনত প্ৰতিনিধি সভা অনুস্থিত কৰা হয়। পশ্চিম বড়িগোগ আঞ্চলিক নিৰ্মাণ শ্ৰমিক সমিতিৰ সম্পাদক জয়কান্ত কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে প্ৰয়াত বিশিষ্ট ব্যক্তি সকলৰ লগতে প্ৰয়াত শ্ৰমিক সকলৰ স্মৃতিত একমিনিট সময় মৌনতা অৱলম্বন কৰে।কামৰূপ জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ সভাপতি হৰিপদ তালুকদাৰে আতধৰা প্ৰতিনিধি সভাত কামৰূপ জিলাৰ শ্ৰমিক সন্থাৰ সহসম্পাদক জাকিৰ হুছেইনৰ লগতে কৃষক নেতা আবুল হোছেইনে কৃষকৰ অধিকাৰৰ ওপৰত মন্তব্য আগবঢ়ায় কয় যে চৰকাৰে আঠ ঘণ্টাৰ পৰিবৰ্তে ১২ ঘণ্টা কাম কৰাৰ সময় নিৰ্ধাৰণ কৰি শ্ৰমিক সকলৰ অধিকাৰ খৰ্ব কৰিবলৈ বিচাৰিছে। চৰকাৰে হিন্দু, মুছলিম,শিখ,বড়ো আদিৰে শ্ৰমিক সকলক ভাগ কৰিব বিচাৰিছে আৰু শ্ৰমিক সকলক ন্যয্যপ্ৰাপ্তিৰ পৰা বঞ্চিত কৰা হৈছে। এই ক্ষেত্ৰত শ্ৰমিক সকল একত্ৰিত হৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব লাগিব।উল্লেখযোগ্য যে শিক্ষক নজৰুল হুছেইনে উপস্হিত শ্ৰমিক সকলৰ মাজত বহুকেইটা বিপ্লৱীগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয়।উক্ত প্ৰতিনিধি সভাত বসন্ত কলিতাক সভাপতি আৰু তাৰিণী কলিতাৰ সম্পাদক হিচাপে লৈ এখন ৩৩ জনীয়া পশ্চিম বড়িগোগ আঞ্চলিক নিৰ্মাণ শ্ৰমিক সমিতি নতুনকৈ গঠন কৰা হয়।। আজিৰ এই চতুৰ্থ বাৰ্ষিক সন্মিলন আৰু প্ৰতিনিধি সভাত অঞ্চলটোৰ চাৰিশতাধিক সদস্যই অংশগ্ৰহণ কৰে।

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

হেৰাইছে