টোলগেটত গাড়ী পাৰ নোহোৱাকৈ কেনেকৈ ফাষ্ট টেগত টকা কটা যায়**নলবাৰীৰ বেলশৰ থানাত এটি গোচৰ ৰুজু ভুক্তভুগীৰ
ৰাজ্যৰ টোলগেট সমুহত প্ৰকৃততে হৈছে কি!টোলগেটত গাড়ী পাৰ নোহোৱাকৈ এতিয়া কটা যায় ফাষ্ট টেগত টকা৷শেহতীয়াভাৱে এনে এক ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ নাজিৰাখাটত থকা টোলগেট৷যোৱা কালি নলবাৰী জিলাৰ পানীগাওঁৰ বসন্ত বৰ্মন নামৰ ব্যাবসায়ী গৰাকীৰ As 01 CC 3447 নম্বৰৰ ফাষ্ট টেগ লগোৱা গাড়ী খন ব্যবসায়স্থলীৰ গেৰেজত থকাৰ পিছত ফাষ্ট টেগৰ জৰিয়তে ১৮৫ টকা কটা যোৱাত হতভম্ব হৈ পৰে৷ইয়াৰ পুৰ্বেও বসন্ত বৰ্মনৰ মেঘালয়ৰ পামুলোৱা টোল গেটত গাড়ী পাৰ নোহোৱাকৈ ১৩০ টকা ফাষ্ট টেগত কটা গৈছিল৷পিছত এই সন্দৰ্ভত বসন্ত বৰ্মনে স্থানীয় বেলশৰ থানাত এটি গোচৰ ৰুজু কৰিছিল৷প্ৰকৃততে ৰাজ্যত এতিয়া একাংশ টোলগেৰ নামত চলিছে নেকি ছিণ্ডিকেট ৰাজ৷এগৰাকী ব্যক্তিৰ দুৱাৰকৈ এনেদৰে ফাষ্ট টেগত টকা কটা যোৱাৰ পিছত ব্যাবসায়ী বসন্ত বৰ্মনে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিছাৰিছে৷।