Posts

Showing posts from March, 2022

বাহাৰঘাট অঞ্চলত ধুমুহাৰ তাণ্ডব

Image
বাহাৰঘাট অঞ্চলত ধুমুহাৰ তাণ্ডৱ। আজি দিনৰ ১২-৩০ বজাত অহা প্ৰবাল ধুমুহা বতাহে বাহাৰঘাটৰ  বিস্তীৰ্ণ অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। সানেকুছি,দেহাৰকুছি,লহকপাৰা আদিত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বাহাৰঘাট চকত থকা চেন্ট্ৰল বেংকৰ ওপৰ মহলাৰ টিনপাতৰ চালি এখন সম্পূৰ্ণৰূপে উৰুৱাই নি ওচৰৰে প্ৰয়াত জতিশ লহকৰ আৰু শ্ৰীমতী হৰমায়া লহকৰৰ পকীঘৰৰ ওপৰত পৰাৰ ফলত তেওঁলোকৰ ঘৰটো ধংসস্তুপত পৰিনত কৰে।উল্লেখযোগ্য যে বাহাৰঘাট অঞ্চলৰ প্ৰায়বোৰ গাৱঁতে ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰি বহুতো পৰিয়াললৈ দুৰ্যোগ নমাই আনিছে।।