Posts

Showing posts from May, 2022

চতমাত বৰনামখলা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ উদ্যোগত ডেংগু এডিছ মহৰ সংক্ৰামণ ৰোধৰ বাবে সজাগতা সভা অনুষ্ঠিত।

Image
নলবাৰী জিলাৰ সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত বৰনামখলা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ উদ্যোগত চতমা নৱযুৱক সংঘৰ প্ৰেক্ষাগৃহত আজি ডেংগু এডিছ মহৰ সংক্ৰামণ ৰোধ কৰাৰ  বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।বৰনামখলা উপ-স্বাস্হ্য কেন্দ্ৰৰ  CHO নয়নজ্যোতি শৰ্মাই আতধৰা সজাগতা সভাখনত সভাপতিত্ব কৰে জেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজকৰ্মী বীৰেন্দ্ৰ নাথ শৰ্মাই।সভাত ডেংগু এডিছ মহৰ সংক্ৰামণৰ পৰা কেনেকৈ বাচিব পাৰি বা কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ওপৰত সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মা,চতমা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হীৰেন্দ্ৰ নাথ শৰ্মা,অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন্দ্ৰ কুমাৰ শৰ্মা,জেষ্ঠ নাগৰিক বিজয় শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তিসকলে দিহা-পৰামৰ্শ আগবঢ়াই।বক্তা সকলে পানীত সংক্ৰামণ বৃদ্ধি হোৱা ডেংগু এডিছ মহৰ সংক্ৰামণ ৰোধ কৰাৰ বাবে অতি সাৱধান হোৱা আৰু নলা-নৰ্দমা চাফ-চিকুনকৈ ৰখাৰ লগতে  খোৱা পানীৰ পাত্ৰত ঢাকন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।ডেংগু এডিছ মহৰ সংক্ৰামণ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰথমে মহিলাসকলে দায়িত্ব লাগিব আৰু মানুহৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰিব লাগিব বুলিও মতপোষণ কৰে।উল...