Posts

Showing posts from September, 2021

ব্যৱসায়ী তথা সমাজপ্ৰিয় ব্যক্তি মানিক লহকৰৰ মৃত্যু।বাহাৰঘাটত শোকৰ ছাঁ

Image
বাহাৰঘাট:২৫ চেপ্তেম্বৰ:-নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত পুৰ্ণদৈচপৰা গাওঁৰ নিবাসী প্ৰয়াত ধনীৰাম লহকৰ আৰু প্ৰয়াত কদমী লহকৰৰ জ্যেষ্ঠ পুত্ৰ মানিক লহকৰ (৬৬)ৰ যোৱাকালি শুক্ৰবাৰে নিশা ১০-০৭ বজাত নিজগূহত মৃত্যু হয়। বাহাৰঘাট চ'কত পান-তামোলৰ দোকান দি পৰিয়াল পোহপাল দি থকা সমাজপ্ৰিয় মনিক লহকৰে বহুদিনৰ পৰা  হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।সকলোৰে প্ৰিয়ভাজন তথা  শান্ত-অমায়িক স্বভাৱৰ অধিকাৰী লহকৰৰ মৃত্যুৰ বাতৰিয়ে বাহাৰঘাট অঞ্চলত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।আজি ৰাতিপুৱা ভাগত লহকৰৰ নশ্বৰদেহ বাহাৰঘাট চ'কলৈ আনি বাহাৰঘাট চ'কৰ ব্যৱসায়ী সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে দোকান-পোহৰ বন্ধ ৰাখে।লহকৰৰ মৃত্যুত লহকৰপাৰা জনশিক্ষা পুথিভঁৰাল,পুৰ্ণদৈচপৰা(লহকৰপাৰা)বৰদৌল গাওঁ উন্নয়ন সমিতি,পুৰ্ণদৈচপৰা সৰুদৌল গাওঁ পৰিচালনা সমিতি,বাহাৰঘাট অশোকাষ্টমী আৰু ৰামযজ্ঞ পৰিচালনা সমিতিৰ লগতে ভালেসংখ্যক গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত লহকৰে পত্নীসহ দুজন পুত্ৰ আৰু এজনী বিবাহিত জীয়ৰীৰ লগতে দুজন ভাতৃ ...

বৰভাগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ। তীব্ৰ প্ৰতিবাদ সাব্যস্ত।

Image
নলবাৰী, ২১ চেপ্তেম্বৰ:-সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজিৰে পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গোগামুখত সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে তাত আৰক্ষী উপস্থিত হৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা সাঃসম্পাদক পলাশ চাংমাই সহ ভালেমান নেতা- কৰ্মীক আটক কৰাৰ বিৰুদ্ধে সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিনাচৰ্তে আটকাধীন সংগঠনটোৰ নেতা- কৰ্মীক মোকলাই দিয়াৰ দাবী জনায়। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিশ্বজিত বৰুৱা, নলবাৰী জিলা সমিতিৰ সাঃসম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত প্ৰায় অৰ্দ্ধ শতাধিক কাৰ্যকৰ্তাই সন্ধিয়া ৮ -৩০ বজাত নলবাৰীৰ বৰভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ৰাইজৰ গনতান্ত্ৰিক প্ৰতিবাদক দমন কৰাৰ আৰক্ষীৰ নিকৃষ্ট পন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰে। অনতিবিলম্বে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক আৰক্ষীয়ে মোকলাই নিদিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ গনতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিব বুলি সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে ধুহি উন্নয়ন মঞ্চৰ সহযোগত ধুহিবালাত মেঘাঁ ভেকচিন প্ৰদান।

Image
বাহাৰঘাট:১৮ চেপ্তেম্বৰ:-ধুহি উন্নয়ন মঞ্চৰ সহযোগত ধুহিবালা গাঁও পঞ্চায়তৰ অন্তৰ্গত,পূব নোৱাবালা প্ৰাথমিক বিদ্যালয় আৰু ধুহি জনকল্যান প্ৰাথমিক বিদ্যালয়ত সন্মানীয় প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ ৭১ সংখ্যক জন্ম দিন উপলক্ষে মেঘাঁ ভেকচিন প্ৰদান কৰা হয়।উক্ত শিবিৰ দুটাৰ জৰিয়তে ধুহি অঞ্চলৰ লোকসকলক ভেকচিন গ্ৰহণৰ সুবিধা কৰি দিয়াৰ বাবে ধুহি উন্নয়ন মঞ্চৰ তৰফৰ পৰা স্বাস্থ্য বিষয়াসকলৰ লগতে স্বাস্থ্য কৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য কথা যে বিগত দিনবোৰতো বিভিন্ন উন্নয়ন মুলক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে মহামাৰী কভিড ১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ধুহি উন্নয়ন মঞ্চৰ কৰ্মী সকলে বিভিন্ন পদ্ধতিৰে সজাগতা সৃষ্টি কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

Image
বাহাৰঘাট ১৬ চেপ্তেম্বৰ:-নলবাৰী জিলাৰ বৰখালাত অহা ২ অক্টোবৰ তাৰিখৰ পৰা পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰনণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।উক্ত আমন্ত্ৰনীমুলক ফুটবল প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ নগদ ২০,০০০ টকাৰ লগতে দ্বিতীয় পুৰস্কাৰ নগদ ১৫,০০০ টকাৰে পুৰস্কৃত কৰাৰ লগতে বৰ্তমানলৈ বিভিন্ন ঠাইৰ আগশাৰীৰ ১২ টা ফুটবল দলৰ লগত যোগাযোগ কৰা বুলি আয়োজক সমিতিয়ে জানিব দিয়ে।ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত অনুষ্ঠিত হ'ব লগা আমন্ত্ৰণীমুলক প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা খনত সমুহ ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে ষ্টাৰ এলেভেন ক্লাবৰ সভাপতি দ্বীজেন দাস আৰু সম্পাদক মাধুৰ্য প্ৰতিম দাসৰ লগতে ক্লাবৰ কৰ্মকৰ্তা সকলে।

*দূৰ্নীতিৰ তদন্তৰ দাবীত নলবাৰীত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ*

Image
নলবাৰী,১৪ চেপ্তেম্বৰ:-মাধ্যম আন্দোলনৰ কৰ্ণধাৰ,নলবাৰী সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত এজন ব্যক্তি আছিল প্ৰসন্ন নাৰায়ন চৌধুৰী।প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ স্মৃতি বিজাড়িত নলবাৰী পি এন.চি ৰোডত যিখন উদ্যান আছে,সেই উদ্যানখন আটকধুনিয়াকৈ নিৰ্মান কৰা,উদ্যান উন্নয়নৰ বাবে পূৰ্বৰ বিধায়ক পূঁজিৰে কৰি থকা লেহেমীয়া কাম খৰতকীয়া কৰা আৰু দূৰ্নীতিৰ তদন্তৰ দাবীত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই উদ্যানখনৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী কৰে।বিক্ষোভ স্থলীৰ পৰা নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন আৰু সাধাৰন সম্পাদক নৱ কুমাৰ ডেকাই নলবাৰী জিলা প্ৰশাসন,পৌৰ সভা আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱাক উদ্যানখনৰ কাম খৰতকীয়া কৰিবলৈ আৰু যি দূৰ্নীতি জড়িত হৈ আছে তাৰ তদন্ত বিচাৰি আহ্বান জনাই। লগতে উল্লেখ কৰে আছুই সামাজিক কামত জড়িত দুৰ্নীতিৰ হৈ সদাই মাত মাতি যাব।উক্ত ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাদ্বয় হৰিহৰ শৰ্মা,দেৱজিৎ ভট্টাচাৰ্য,উপ সভাপতি বিশাল বিক্ৰম চৌধুৰীকে প্ৰমুখ্য কৰি আছুৰ বিষয়ববীয়া সকল।

নলবাৰীত অসম জাতীয় পৰিষদৰ, জাতীয় গৰ্জন কাৰ্যসূচী।

Image
নলবাৰী,১৪ চেপ্তেম্বৰ:-"কা" আইন বাতিল কৰক,অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়াক সাংবিধানীক ৰক্ষা কবচ দিয়াৰ বাবে শীঘ্ৰে ব্যৱস্থা কৰক এই উদ্দেশ্য আগত ৰাখি আজি ১১ বজাৰ পৰা ১ বজালৈ নলবাৰী চহৰৰ ড' ভুপেন হাজৰিকা শিশু উদ্দান প্ৰাংগণত অসম জাতীয় পৰিষদ"নলবাৰী জিলা সমিতিৰ" জাতীয় গৰ্জন কাৰ্যসূচী ৰূপায়ন কৰে।অসম জাতীয় পৰিষদৰ" নলবাৰী জিলা সমিতিৰ সভাপতি নগেন ডেকা, সম্পাদক শৰত কলিতা, জাতীয়তাবাদী নেতা ভুপেন তালুকদাৰৰ লগতে ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকি কাৰ্যসূচী ৰূপায়ন কৰে। জাতিধ্বংসী " কা" আইন বাতিল কৰক,অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়াক সাংবিধানীক ৰক্ষা কবচ দিয়াৰ বাবে শীঘ্ৰে ব্যৱস্থা কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ সানেকুছিৰ উদিয়মান ব্যৱসায়ী ৰবিন্দ্ৰ চন্দ্ৰ লহকৰৰ

Image
বাহাৰঘাট,১৪ চেপ্তেম্বৰ:-নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি গাওঁৰ নিবাসী উদীয়মান ব্যৱসায়ী ৰবিন্দ্ৰ চন্দ্ৰ লহকৰ(৫৭) দুৰ্ঘটনাত পতিত হৈ যোৱা কালি নিশা গুৱাহাটীৰ জি এন আৰ চি হস্পিটালত মৃত্যু বৰণ কৰে।জানিব পৰা মতে ৰবিবাৰে ৰাতিপুৱা ভাগত সানেকুছি চকত থকা নিজৰ দোকানলৈ ষ্কুটিৰে আহি থাকোঁতে দুৰ্ঘটনাগ্ৰস্ত হৈ ৰাস্তা কাষত পৰি থকা স্হানীয় লোকে প্ৰতেক্ষ কৰে।লগে লগে লহকৰক নলবাৰীৰ চিভিল হস্পিটাললৈ নিয়ে আৰু উন্নত চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটীৰ জি এন আৰ চি হস্পিটালত ভৰ্তি কৰা হয় যদিও মৃত্যুৰ সৈতে হাৰ মানি যোৱাকালি নিশা শেষ নিশ্বাস ত্যাগ কৰে।উল্লেখযোগ্য যে বিজেপিৰ সক্ৰিয় কৰ্মী তথা সমাজপ্ৰিয় ব্যক্তি ৰবিন চন্দ্ৰ লহকৰে সানেকুছি চকত চাইকেল মেৰামতি কৰাৰ লগতে খৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল। দুৰ্ঘটনাটো কেনেকৈ হ'বলৈ পালে সেইটো ৰহস্যৰ আবৰ্তনত।স্হানীয় লোকে সন্দেহ কৰা মতে কোনো অচিনাক্ত বাহনে লহকৰৰ ষ্কুটিখনত পিছফালৰ পৰা খুন্দিয়াই ৰাস্তাত পেলায় থৈ যায়।লহকৰৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বৃহত্তৰ সানেকুছি অঞ্চলত শোকাকুল পৰিবেশে বিৰাজ কৰে। আজিৰ মৃতদেহ সানেকু...

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

Image
পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু। হাজো সমষ্টিৰ কঞা ৰাজহচক্ৰৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত দৈচপৰা গাওঁৰ(খেলিয়াপাৰা চুবুৰী)নিবাসী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতি(৮১)ৰ আজি ইং১১-০৯-২০২১  তাৰিখ শনিবাৰে ৰাতিপুৱা ৯-৩০ বজাত নিজগৃহত বৈকুন্ঠগামী হয়।বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক গৰাকীয়ে ১৯৪০ চনৰ ২ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহন কৰি ১৯৫৮ চনত পশ্চিম বড়িগোগ ধীৰদও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পাছ কৰে আৰু প্ৰাগজোতিষ মহাবিদ্যালয় গুৱাহাটীৰ পৰা বি.এ ডিগ্ৰী লাভ কৰে।ইং ১৯৬১চনৰ পৰা গোৰেশ্বৰ হাইস্কুলত সুদীৰ্ঘ ৩৯ বছৰ শিক্ষকতা কৰি ইং ২০০০ চনৰ ৩১আগষ্টত অৱসৰ গ্ৰহন কৰে।জীবিত কালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱকৰ লগতে পশ্চিম বড়িগোগ দৌল পুখূৰীপাৰ ছোৱালী হাইস্কুলৰ পৰিচালনা সমিতিৰ উপ সভাপতি,পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় আৰু পাত্ৰ পুখুৰীপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব বহন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ আছিল। বহুদিনৰ পৰা হৃদৰোগত ৰোগত আক্...

নলবাৰীত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নলবাৰীত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বুধবাৰে যোৰহাটৰ নিমাতীঘাটত সংঘটিত হোৱা ভয়াবহ  নাওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসলৈ শ্ৰদ্ধাঞ্জলি।নলবাৰী শ্বহীদ ভৱন বাকৰিত আজি এইগৰাকী প্ৰবক্তালৈ শ্ৰদ্ধা জনাই।উল্লেখযোগ্য যে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনে আত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বিভিন্ন দল সংগঠনৰ লোকে বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধা জনাই।উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক ,জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় ডেকাকে ধৰি নলবাৰী জিলা ছাত্র সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব।ইফালে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক দাবী জনাই ব্যৱস্থা লবলৈ আহবান জনায়।