পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।
পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁ
বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।
হাজো সমষ্টিৰ কঞা ৰাজহচক্ৰৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত দৈচপৰা গাওঁৰ(খেলিয়াপাৰা চুবুৰী)নিবাসী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতি(৮১)ৰ আজি ইং১১-০৯-২০২১ তাৰিখ শনিবাৰে ৰাতিপুৱা ৯-৩০ বজাত নিজগৃহত বৈকুন্ঠগামী হয়।বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক গৰাকীয়ে ১৯৪০ চনৰ ২ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহন কৰি ১৯৫৮ চনত পশ্চিম বড়িগোগ ধীৰদও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পাছ কৰে আৰু প্ৰাগজোতিষ মহাবিদ্যালয় গুৱাহাটীৰ পৰা বি.এ ডিগ্ৰী লাভ কৰে।ইং ১৯৬১চনৰ পৰা গোৰেশ্বৰ হাইস্কুলত সুদীৰ্ঘ ৩৯ বছৰ শিক্ষকতা কৰি ইং ২০০০ চনৰ ৩১আগষ্টত অৱসৰ গ্ৰহন কৰে।জীবিত কালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱকৰ লগতে পশ্চিম বড়িগোগ দৌল পুখূৰীপাৰ ছোৱালী হাইস্কুলৰ পৰিচালনা সমিতিৰ উপ সভাপতি,পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় আৰু পাত্ৰ পুখুৰীপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব বহন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ আছিল। বহুদিনৰ পৰা হৃদৰোগত ৰোগত আক্ৰান্ত হৈ থকা কাকতিৰ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ পশ্চিম বড়িগোগ মৌজাত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুত বকুলতল মাঘী পূৰ্নিমা উৎসৱ সমিতি,বকুলতল(বাৰাংহাটী)ৰঙালী বিহু সন্মিলনী সমিতি,বকুলতল মাঘী পূৰ্নিমা উৎসৱ সমিতি,বকুলতল ব্যৱসায়ী সন্থাৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।মৃত্যুৰ সময়ত তেখেতে পত্নীসহ দুজন পুত্ৰ-বোৱাৰী, দুজনী বিবাহিত জীয়ৰী,জোৱাই,নাতি-নাতিনী আত্মীয়-স্বজন ইহসংসাৰত এৰি থৈ যায়।
Comments
Post a Comment