নলবাৰীত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
নলবাৰীত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
বুধবাৰে যোৰহাটৰ নিমাতীঘাটত সংঘটিত হোৱা ভয়াবহ নাওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসলৈ শ্ৰদ্ধাঞ্জলি।নলবাৰী শ্বহীদ ভৱন বাকৰিত আজি এইগৰাকী প্ৰবক্তালৈ শ্ৰদ্ধা জনাই।উল্লেখযোগ্য যে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনে আত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বিভিন্ন দল সংগঠনৰ লোকে বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধা জনাই।উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক ,জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় ডেকাকে ধৰি নলবাৰী জিলা ছাত্র সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব।ইফালে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক দাবী জনাই ব্যৱস্থা লবলৈ আহবান জনায়।
Comments
Post a Comment