দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ সানেকুছিৰ উদিয়মান ব্যৱসায়ী ৰবিন্দ্ৰ চন্দ্ৰ লহকৰৰ

বাহাৰঘাট,১৪ চেপ্তেম্বৰ:-নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি গাওঁৰ নিবাসী উদীয়মান ব্যৱসায়ী ৰবিন্দ্ৰ চন্দ্ৰ লহকৰ(৫৭) দুৰ্ঘটনাত পতিত হৈ যোৱা কালি নিশা গুৱাহাটীৰ জি এন আৰ চি হস্পিটালত মৃত্যু বৰণ কৰে।জানিব পৰা মতে ৰবিবাৰে ৰাতিপুৱা ভাগত সানেকুছি চকত থকা নিজৰ দোকানলৈ ষ্কুটিৰে আহি থাকোঁতে দুৰ্ঘটনাগ্ৰস্ত হৈ ৰাস্তা কাষত পৰি থকা স্হানীয় লোকে প্ৰতেক্ষ কৰে।লগে লগে লহকৰক নলবাৰীৰ চিভিল হস্পিটাললৈ নিয়ে আৰু উন্নত চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটীৰ জি এন আৰ চি হস্পিটালত ভৰ্তি কৰা হয় যদিও মৃত্যুৰ সৈতে হাৰ মানি যোৱাকালি নিশা শেষ নিশ্বাস ত্যাগ কৰে।উল্লেখযোগ্য যে বিজেপিৰ সক্ৰিয় কৰ্মী তথা সমাজপ্ৰিয় ব্যক্তি ৰবিন চন্দ্ৰ লহকৰে সানেকুছি চকত চাইকেল মেৰামতি কৰাৰ লগতে খৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল। দুৰ্ঘটনাটো কেনেকৈ হ'বলৈ পালে সেইটো ৰহস্যৰ আবৰ্তনত।স্হানীয় লোকে সন্দেহ কৰা মতে কোনো অচিনাক্ত বাহনে লহকৰৰ ষ্কুটিখনত পিছফালৰ পৰা খুন্দিয়াই ৰাস্তাত পেলায় থৈ যায়।লহকৰৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বৃহত্তৰ সানেকুছি অঞ্চলত শোকাকুল পৰিবেশে বিৰাজ কৰে। আজিৰ মৃতদেহ সানেকুছিৰ  নিজ গৃহত আহি পোৱাৰ পিছতে সকলোৰে প্ৰিয় ব্যক্তি লহকৰক শেষ শ্ৰদ্ধা জনাবলৈ অসংখ্য গুণমুগ্ধ আহি শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷মৃত্যুৰ সময়ত প্ৰয়াত ৰবিন্দ্ৰ চন্দ্ৰ লহকৰে পত্নী সহ দুজনী কন্যা সন্তান আৰু আত্মীয় স্বজনৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

হেৰাইছে