ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

বাহাৰঘাট ১৬ চেপ্তেম্বৰ:-নলবাৰী জিলাৰ বৰখালাত অহা ২ অক্টোবৰ তাৰিখৰ পৰা পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰনণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।উক্ত আমন্ত্ৰনীমুলক ফুটবল প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ নগদ ২০,০০০ টকাৰ লগতে দ্বিতীয় পুৰস্কাৰ নগদ ১৫,০০০ টকাৰে পুৰস্কৃত কৰাৰ লগতে বৰ্তমানলৈ বিভিন্ন ঠাইৰ আগশাৰীৰ ১২ টা ফুটবল দলৰ লগত যোগাযোগ কৰা বুলি আয়োজক সমিতিয়ে জানিব দিয়ে।ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত অনুষ্ঠিত হ'ব লগা আমন্ত্ৰণীমুলক প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা খনত সমুহ ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে ষ্টাৰ এলেভেন ক্লাবৰ সভাপতি দ্বীজেন দাস আৰু সম্পাদক মাধুৰ্য প্ৰতিম দাসৰ লগতে ক্লাবৰ কৰ্মকৰ্তা সকলে।

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

হেৰাইছে