প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে ধুহি উন্নয়ন মঞ্চৰ সহযোগত ধুহিবালাত মেঘাঁ ভেকচিন প্ৰদান।

বাহাৰঘাট:১৮ চেপ্তেম্বৰ:-ধুহি উন্নয়ন মঞ্চৰ সহযোগত ধুহিবালা গাঁও পঞ্চায়তৰ অন্তৰ্গত,পূব নোৱাবালা প্ৰাথমিক বিদ্যালয় আৰু ধুহি জনকল্যান প্ৰাথমিক বিদ্যালয়ত সন্মানীয় প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ ৭১ সংখ্যক জন্ম দিন উপলক্ষে মেঘাঁ ভেকচিন প্ৰদান কৰা হয়।উক্ত শিবিৰ দুটাৰ জৰিয়তে ধুহি অঞ্চলৰ লোকসকলক ভেকচিন গ্ৰহণৰ সুবিধা কৰি দিয়াৰ বাবে ধুহি উন্নয়ন মঞ্চৰ তৰফৰ পৰা স্বাস্থ্য বিষয়াসকলৰ লগতে স্বাস্থ্য কৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য কথা যে বিগত দিনবোৰতো বিভিন্ন উন্নয়ন মুলক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে মহামাৰী কভিড ১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ধুহি উন্নয়ন মঞ্চৰ কৰ্মী সকলে বিভিন্ন পদ্ধতিৰে সজাগতা সৃষ্টি কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

চতমাত বৰনামখলা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ উদ্যোগত ডেংগু এডিছ মহৰ সংক্ৰামণ ৰোধৰ বাবে সজাগতা সভা অনুষ্ঠিত।

*দূৰ্নীতিৰ তদন্তৰ দাবীত নলবাৰীত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ*