বৰভাগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ। তীব্ৰ প্ৰতিবাদ সাব্যস্ত।
নলবাৰী, ২১ চেপ্তেম্বৰ:-সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজিৰে পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গোগামুখত সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে তাত আৰক্ষী উপস্থিত হৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা সাঃসম্পাদক পলাশ চাংমাই সহ ভালেমান নেতা- কৰ্মীক আটক কৰাৰ বিৰুদ্ধে সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিনাচৰ্তে আটকাধীন সংগঠনটোৰ নেতা- কৰ্মীক মোকলাই দিয়াৰ দাবী জনায়। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিশ্বজিত বৰুৱা, নলবাৰী জিলা সমিতিৰ সাঃসম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত প্ৰায় অৰ্দ্ধ শতাধিক কাৰ্যকৰ্তাই সন্ধিয়া ৮ -৩০ বজাত নলবাৰীৰ বৰভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ৰাইজৰ গনতান্ত্ৰিক প্ৰতিবাদক দমন কৰাৰ আৰক্ষীৰ নিকৃষ্ট পন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰে। অনতিবিলম্বে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক আৰক্ষীয়ে মোকলাই নিদিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ গনতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিব বুলি সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
Comments
Post a Comment