*দূৰ্নীতিৰ তদন্তৰ দাবীত নলবাৰীত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ*
নলবাৰী,১৪ চেপ্তেম্বৰ:-মাধ্যম আন্দোলনৰ কৰ্ণধাৰ,নলবাৰী সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত এজন ব্যক্তি আছিল প্ৰসন্ন নাৰায়ন চৌধুৰী।প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ স্মৃতি বিজাড়িত নলবাৰী পি এন.চি ৰোডত যিখন উদ্যান আছে,সেই উদ্যানখন আটকধুনিয়াকৈ নিৰ্মান কৰা,উদ্যান উন্নয়নৰ বাবে পূৰ্বৰ বিধায়ক পূঁজিৰে কৰি থকা লেহেমীয়া কাম খৰতকীয়া কৰা আৰু দূৰ্নীতিৰ তদন্তৰ দাবীত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই উদ্যানখনৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী কৰে।বিক্ষোভ স্থলীৰ পৰা নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন আৰু সাধাৰন সম্পাদক নৱ কুমাৰ ডেকাই নলবাৰী জিলা প্ৰশাসন,পৌৰ সভা আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱাক উদ্যানখনৰ কাম খৰতকীয়া কৰিবলৈ আৰু যি দূৰ্নীতি জড়িত হৈ আছে তাৰ তদন্ত বিচাৰি আহ্বান জনাই। লগতে উল্লেখ কৰে আছুই সামাজিক কামত জড়িত দুৰ্নীতিৰ হৈ সদাই মাত মাতি যাব।উক্ত ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাদ্বয় হৰিহৰ শৰ্মা,দেৱজিৎ ভট্টাচাৰ্য,উপ সভাপতি বিশাল বিক্ৰম চৌধুৰীকে প্ৰমুখ্য কৰি আছুৰ বিষয়ববীয়া সকল।
Comments
Post a Comment