নলবাৰীত অসম জাতীয় পৰিষদৰ, জাতীয় গৰ্জন কাৰ্যসূচী।
নলবাৰী,১৪ চেপ্তেম্বৰ:-"কা" আইন বাতিল কৰক,অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়াক সাংবিধানীক ৰক্ষা কবচ দিয়াৰ বাবে শীঘ্ৰে ব্যৱস্থা কৰক এই উদ্দেশ্য আগত ৰাখি আজি ১১ বজাৰ পৰা ১ বজালৈ নলবাৰী চহৰৰ ড' ভুপেন হাজৰিকা শিশু উদ্দান প্ৰাংগণত অসম জাতীয় পৰিষদ"নলবাৰী জিলা সমিতিৰ" জাতীয় গৰ্জন কাৰ্যসূচী ৰূপায়ন কৰে।অসম জাতীয় পৰিষদৰ" নলবাৰী জিলা সমিতিৰ সভাপতি নগেন ডেকা, সম্পাদক শৰত কলিতা, জাতীয়তাবাদী নেতা ভুপেন তালুকদাৰৰ লগতে ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকি কাৰ্যসূচী ৰূপায়ন কৰে।
জাতিধ্বংসী " কা" আইন বাতিল কৰক,অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়াক সাংবিধানীক ৰক্ষা কবচ দিয়াৰ বাবে শীঘ্ৰে ব্যৱস্থা কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
Comments
Post a Comment