বিশিষ্ট সমাজকৰ্মী তথা পশুচিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত ক্ষেত্ৰ সহায়ক মহেন্দ্ৰ লহকৰ(সুশিল)ৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাঁ



বাহাৰঘাট:১০ আগষ্ট:-নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত লৰমাবটাঁকুছি নিবাসী তথা অসম চৰকাৰৰ পশুচিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত ক্ষেত্ৰ সহায়ক বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ লহকৰ(৬৮)ৰ আজিপূৱা গুৱাহাটীৰ জিএমচি হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷অবিভাক্ত কামৰূপ জিলাৰ ৰাইজৰ মাজত সুশিল লহকৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহত্তৰ অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।লহকৰৰ মৃত্যুত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অঞ্চলটোৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে৷।জীবিত কালত তেওঁ অভিভাক্ত কামৰূপ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে এজন ভাল অভিনেতা হিচাপে ৰাইজৰ মাজত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ,দুই পুত্ৰ এজনী বোৱাৰী ,এজনী বিবাহিত কন্যা আৰু আত্মীয়স্বজনৰ লগতে অসংখ্য গুণমুগ্ধক  ইহসংসাৰত এৰি যায়৷

Comments

Popular posts from this blog

পশ্চিম বড়িগোগ মৌজাত শোকৰ ছাঁবিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ ৰাম কাকতিৰ মৃত্যু।

ষ্টাৰ এলেভেন ক্লাব বৰখালাৰ সৌজন্যত আমন্ত্ৰণী মুলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

হেৰাইছে